Acts 23

1পৌলে মহা-সভালৈ পোনপটীয়াকৈ চাই কলে, “হে ভাই সকল, মই সকলো বিষয়তে উত্তম বিবেকেৰে ঈশ্বৰৰ প্ৰজাৰ দৰে আজিলৈকে আচৰণ কৰি আছো৷”
23.1 পাঁচনিকৰ্ম ২৪:১৬; ২ কৰিন্থীয়া ১:১২; ১পিতৰ ৩: ১৫,১৭
2এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকাসকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে৷ 3তেতিয়া পৌলে তেওঁক কলে, “হে বগাকৈ লিপা গড়, ঈশ্বৰে আপোনাকহে অাঘাত কৰিবলৈ উদ্যত হৈ আছে৷ আপুনি বিধানৰ মতে মোৰ সোধ-বিচাৰ কৰিবলৈ বহি আছে, নে সেই বিধান উলঙ্ঘন কৰি মোক মাৰিবলৈ আজ্ঞা দিছে?”

4তাতে ওচৰত থিয় হৈ থকাসকলে কলে, “তই ঈশ্বৰৰ মহা-পুৰোহিতক অপমান কৰ নে?” 5পৌলে কলে, “হে ভাই সকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলোঁ৷ কিয়নো লিখা আছে,
23.5 যাত্ৰাপুস্তক ২২:২৮

তুমি স্বজাতীয় লোকৰ শাসনকৰ্ত্তাক কু-বাক্য নুবুলিবা৷”

6পাছত পৌলে তেওঁলোকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহা-সভাত ৰিঙিয়াই কলে, “হে ভাই সকল, মই ফৰীচী, আৰু এজন ফৰীচীৰ পুতেক৷ কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে৷” 7তেওঁ এই কথা কওঁতে, ফৰীচী আৰু চদ্দূকী সকলৰ মাজত বিবাদ হ’ল, আৰু লোকসমূহ দুভাগত ভাগ হ’ল৷ 8কিয়নো চদ্দূকী সকলে পুনৰুত্থান, স্বৰ্গদূত আৰু আত্মা, এইবোৰ নাই বুলি কয়,
23.8 লূক ২০:২৭
কিন্তু ফৰীচী সকলে সেইবোৰ স্বীকাৰ কৰে৷

9তাতে বৰকৈ হুলস্থুল হ’ল আৰু ফৰীচী সকলৰ ফলীয়া অধ্যাপক সকলৰ কেইজনমানে উঠি বাগ্‌যুদ্ধ কৰি কলে, “আমি এই মানুহজনত একো দোষ নাপাও৷ যদি কোনো আত্মা নাইবা দূতে দম্মেচকৰ পথত সচাঁকৈ তেওঁৰ সৈতে কথা কলে;” 10তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুৰ্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷

11তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ কলে,
23.11 পাঁচনিকৰ্ম ১৮:৯; ২৭:২৩,২৪
“নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”

12পাছ দিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷ 13সেই চক্ৰান্ত কৰা লোক চল্লিশ জনতকৈ অধিক আছিল৷

14তেওঁলোকে প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলৰ ওচৰলৈ গৈ কলে, “পৌলক বধ নকৰালৈকে আমি একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ৷ 15এই কাৰণে আপোনালোকৰ মহা-সভাৰ সৈতে এই বিষয়ে আৰু ভালকৈ জানিবৰ ছলেৰে আপোনালোকৰ ওচৰলৈ তাক আনিবলৈ হাজাৰৰ সেনাপতিৰ আগত আবেদন কৰিব, তেতিয়া সি আপোনালোকৰ ওচৰ আহি নাপাওঁতেই আমি তাক বধ কৰিবলৈ সাজু হৈ থাকিম৷”

16কিন্তু পৌলৰ ভাগিনিয়েকে(ভনীয়েকৰ ল’ৰাই) তেওঁলোকৰ এই খাপ দিয়া কথা শুনি, দুৰ্গত সোমাই পৌলক কলেগৈ৷ 17তেতিয়া পৌলে এজন এশৰ সেনাপতিক মাতি কলে, “এই ডেকাক হাজাৰৰ সেনাপতিৰ ওচৰলৈ লৈ যোৱা, কিয়নো তেওঁৰ আগত এই বিষয়ে কোনো সম্বাদ জনাবলৈ আছে৷”

18তেতিয়া তেওঁ তাক লগত লৈ হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ কলে, “আপোনাৰ আগত এই ডেকাৰ কিবা কথা কবলৈ আছে বুলি বন্দীয়াৰ পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক আনিবলৈ মিনতি কৰিলে৷” 19হাজাৰৰ সেনাপতিয়ে তাক হাতত ধৰি লৈ, এফলীয়া হৈ গুপুতে সুধিলে, “মোক কবলৈ তোমাৰ কি কথা আছে?”

20ডেকাজনে কলে, “আপুনি পৌলৰ বিষয়ে সুধি জানিব খোজাৰ নিচিনাকৈ, তেওঁক কালিলৈ মহা-সভালৈ যেন লৈ যাব, আপোনাৰ আগত এনে নিবেদন কৰিবলৈ ইহুদী সকলে সিদ্ধান্ত কৰিছে৷ 21এতেকে আপুনি তেওঁলোকৰ কথা নুশুনিব, কাৰণ তেওঁলোক চল্লিশ জনতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন-পান নকৰো বুলি শপতেৰে নিজকে বান্ধি খাপ দি আছে৷ আনকি তেওঁলোক সাঁজু হৈ আপোনাৰ অনুমতিলৈ বাট চাই আছে৷

22তেতিয়া হাজাৰৰ সেনাপতিয়ে সেই ডেকাক বিদায় দিয়াৰ পূর্বে এই আদেশ দিলে, “তুমি যে এইবোৰ কথা মোৰ আগত প্ৰকাশ কৰিলা, পুনৰ কাকো নকবা৷” 23তেতিয়া তেওঁ এশৰ সেনাপতি সকলৰ দুজনক ওচৰলৈ মাতি আনি আজ্ঞা দিলে, “ৰাতি ন বজাত চীজাৰিয়া যাবলৈ দুশজন সৈন্য, সত্তৰ জন অশ্বাৰোহী আৰু দুশ বৰছা-ধাৰী সৈন্য যুগুত কৰা৷” 24আৰু পৌলক নিৰাপদে ফীলিক্স দেশাধিপতিৰ ওচৰলৈ বহুৱাই লৈ যোৱা বাহনো যুগুত কৰিবলৈ তেওঁলোকক আজ্ঞা দিলে।

25পাছত তেওঁ এইদৰে পত্ৰ লিখি দিলে,

26“মহামহিম শ্ৰীযুক্ত ফীলিক্স দেশাধিপতিলৈ ক্লৌদিয় লুচিয়ৰ নমস্কাৰ৷ 27এই মানুহজনক ইহুদী লোকে ধৰি বধ কৰিবলৈ উদ্যত হৈছে, সেনাবোৰে সৈতে গৈ, এওঁ এজন ৰোমীয় মানুহ বুলি জানি, মই এওঁক ৰক্ষা কৰিলোঁ৷

28পাছত কি কাৰণে তেওঁলোকে এওঁক অপবাদ দিছে, তাক জানিবৰ মনেৰে তেওঁলোকৰ মহা-সভালৈ এওঁক নিয়াও হৈছিল৷ 29তাতে প্ৰাণদণ্ডৰ বা কাৰাদণ্ডৰ যোগ্য এনে কোনো অপবাদ দিয়া নাই, কেৱল তেওঁলোকৰ বিধানৰ বাদ-বিচাৰত কোনো দোষ ধৰা যেন পালোঁ৷ 30পাছত এওঁৰ বিৰুদ্ধে কৰা চক্ৰান্তৰ কথা মোক জনোৱা হ’ল আৰু সেয়ে সিদ্ধ হোৱাৰ আগন্তুক দেখি, মই তৎক্ষণাৎ এওঁক আপোনাৰ ওচৰলৈ পঠাই দিলো আৰু এওঁৰ গুচৰীয়া সকলকো আপোনাৰ আগত এওঁৰ বিৰুদ্ধে গোচৰ কৰিবলৈ আজ্ঞা দিলোঁ৷ ইতি

31পাছত সেনা সকলে আজ্ঞা অনুসাৰে ৰাতিতে পৌলক তুলি, আন্তপাত্ৰি নগৰলৈ নিলে৷ 32কিন্তু পাছদিনা অশ্বাৰোহী সকলক তেওঁৰ লগত যাবলৈ দি দুৰ্গলৈ উলটি আহিল৷ 33পাছত তেওঁলোকে চিজাৰিয়া পাই, দেশাধিপতিক পত্ৰ খন দি, তেওঁৰ আগত পৌলকো হাজিৰ কৰালে৷

34তেতিয়া তেওঁ সেই পত্ৰ পঢ়ি পৌল কোন প্ৰদেশৰ বুলি সুধিলে; পাছে কিলিকিয়াৰ বুলি জানি, তেওঁ কলে, “তোমাৰ গুচৰীয়াবোৰ আহিলেহে মই তোমাৰ কথা শুনিম৷” তেতিয়া তেওঁ হেৰোদৰ প্ৰিটৰিয়মত ৰাখিবলৈ তেওঁক আজ্ঞা দিলে৷

35

Copyright information for AsmULB